ডিমৌত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে | ডিমৌত পুত্ৰই শিৰচ্ছেদ কৰিলে মাতৃক।

পুত্ৰ কাৰ্তিক মুণ্ডাৰ উপৰ্যুপৰি দাৰ ঘাপত থিতাতে নিহত হয় মাতৃ চালমণি মুণ্ডা।

জানিব পৰা মতে ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজমাই ৫ নং পাখিমূৰী লাইনত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো।

পাৰিবাৰিক কন্দলৰ চৰম পৰিণতিৰ ফলতেই কাৰ্তিক মুণ্ডাই নিজ গৃহতে মাতৃক ঘপিয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে।

পিছত ঘটনাস্থলিত ডিমৌ আৰক্ষী উপস্থিত হৈ চালমণি মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে |

লগতে মাতৃ হত্যাকাৰী কাৰ্তিক মুণ্ডাক আৰক্ষীয়ে আটক কৰাৰ উপৰিও কাৰ্তিক মুণ্ডাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা খনো আৰক্ষীয়ে জব্দ কৰে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।