মহানগৰীৰ ডাউন টাউনৰ মথুৰা নগৰত বন্দুকধাৰী যুৱকৰ তাণ্ডৱ। হাতত বন্দুক লৈ পথচাৰিক মৃত্যুৰ ভাবুকি প্ৰদান কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা উপস্থিত হয়। 

আৰক্ষীৰ দলটোক দেখি লগে লগে পলায়ন কৰে বন্দুকধাৰী যুৱকজনে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক আটক কৰে। 

আটক কৰা দুগৰাকী হৈছে অভিযুক্ত ৰাজ শইকীয়াক আৰু আনগৰাকী APDCL ৰ কৰ্মচাৰী।

ইয়াৰে ৰাজ শইকীয়াৰ ঘৰ উজনি অসমত বুলি জানিব পৰা গৈছে।