মাজুলী জিলাৰ নতুন বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ ইণ্টাৰনেট সেৱা নিতৌ বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে উজনি মাজুলীৰ ৮ খন গাওঁ পঞ্চায়তৰ জনসাধাৰণৰ উপৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰো প্ৰায় তিনি-চাৰিখন পঞ্চায়তৰ জনসাধাৰণে উজনি মাজুলীৰ নতুন বজাৰত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একমাত্ৰ শাখাটোতে দীৰ্ঘদীনে লেনদেন কৰি আহিছে। কিন্তু বিগত কেইমাহমান ধৰি বেংকটোৰ ইণ্টাৰনেট সেৱা প্ৰায়েই বিকল হৈ পৰাত বেংকৰ কাম-কাজ বন্ধ হৈ পৰাৰ ফলত দূৰ-দূৰণিৰ পৰা গ্ৰাহকসকলে টকা জমা আৰু উলিয়াবলৈ আহি বিমুখ হৈ ঘুৰি যাব লগা হৈছে।

বেংকটোৰ ইণ্টাৰনেট সেৱা সক্ৰিয় কৰাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ নাইবা উৰ্দ্ধতন কৰ্তৃপক্ষই জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত গ্ৰাহকসকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জাঙুৰ খাই উঠিছে। আনহাতে বেংকটোত লক্ষ্যাধিক গ্ৰাহকৰ বিপৰীতে মাত্ৰ দুগৰাকী মহিলা কৰ্মচাৰীয়ে গ্ৰাহকসকলক প্ৰয়োজনীয় সুবিধাসমূহ দিব নোৱাৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে। এই সন্দৰ্ভত ইতিপূৰ্বে ‘নিয়মীয়া বাৰ্তা’ত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল যদিও বেংক কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত গ্ৰাহকসকলক প্ৰয়োজনীয় সুবিধা দিয়াত ব্যৰ্থ হৈছে বেংক কৰ্তৃপক্ষ।

আনহাতে ইয়াৰ পূৰ্বেও বাৰে বাৰে বেংকটোৰ ইন্টাৰনেট সেৱা বিকল হোৱাৰ ফলত গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। এই ক্ষেত্ৰত গ্ৰাহকসকলক সকাহ দিয়াৰ বাবে শাখাটোত শীঘ্ৰে অতি কমেও পাঁচ গৰাকী কৰ্মচাৰীক নিযুক্তি দিয়া, ইণ্টাৰনেট সেৱা উন্নীত কৰা, গ্ৰাহকক পাচবুক যোগান ধৰাৰ লগতে অন্যান্য যাৱতীয় ব্যৱস্থা সমূহ কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক উজনি মাজুলীবাসীয়ে দাবী জনাইছে।