অসম ৰাজিক আইন সেৱা প্ৰাধিকাৰীৰ জৰিয়তে চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত অহা ১২ নৱেমম্বৰ তাৰিখে চৰাইদেউ জিলাত অৱস্থিত ন্যায়িক আদালত সমূহত চলি থকা গোচৰসমূহৰ খৰতকীয়া নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই বৈঠকত বিভিন্ন ধৰণৰ গোচৰ যেনে ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩২৩/ ৩৪১/ ৩৪২/ ৪৪৮/ ৫০৬/ ৩৫২ ইত্যাদিৰ লগতে পাৰিবাৰিক কন্দলজনিত গোচৰ, দেৱানী গোচৰ, চেক বাউঞ্চ (Cheque Bounce) গোচৰ, মটৰ দূৰ্ঘটনা দাবী ন্যায়াধীকৰণৰ গোচৰ, মটৰ যান-বাহনৰ গোচৰ ইত্যাদি নিষ্পত্তি কৰা হ'ব। এই ক্ষেত্ৰত আদালতৰ পৰা জাননী জাৰি কৰা হৈছে।

জাননীত উল্লেখিত আদালতত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও যদি কোনো ব্যক্তিয়ে ওপৰত উল্লেখ কৰা প্ৰকাৰৰ গোচৰৰ জাননী পোৱা নাই কিন্তু গোচৰ নিষ্পত্তি কৰিবলৈ ইচ্ছুক বা গোচৰৰ দুয়োপক্ষৰ মাজত ইতিমধ্যে মীমাংসা হৈছে, তেনে ক্ষেত্ৰত তেওঁলোকে আদালতত নিজৰ প্ৰমাণ পত্ৰ সহ উপস্থিত হৈ গোচৰ নিষ্পত্তি কৰা সুযোগ লাভ কৰিব পাৰিব। 

অধিক তথ্যৰ বাবে চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ জিলা আইন সেৱা প্ৰাধীকৰণ, চৰাইদেউৰ সচিবে আহ্বান জনাইছে।