স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ্থী সকলৰ কাৰণে এক ভালখবৰ। মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে অতি শীঘ্ৰেই স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

একে সময়তে কেইবাটাও নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাটো কঠিন হয় সেয়েহে স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষা কিছু লেহেমীয়াকৈ সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনায়।

অৱশ্যে অনাগত সময়ত স্বাস্থ্য বিভাগে ঘোষণা কৰিব পৰীক্ষাৰ দিন।

মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াকো কয়, ‘অসমত নিযুক্তি প্ৰক্ৰিয়া যথেষ্ট উন্নত হৈছে আৰু নিকা হৈছে সেয়ে ৰাজ্যৰ পৰিৱেশ ব্যৱস্থা নিশ্চিতভাৱে সম্পূৰ্ণ সলনি হ’ব’।