২৫ অক্টোবৰ অৰ্থাত আজিৰ পৰা ডিব্ৰুগড় আকাশবাণী অনাতাঁৰ কেন্দ্রৰ অসমীয়া বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰিবৰ বাবে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা অহা নিৰ্দেশনাৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত শইকীয়াই কয় যে ভাৰত চৰকাৰৰ ব্যয় সংকোচন নীতিৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি কৰা ঘোষণাই প্রকৃততে প্ৰমাণ কৰে যে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে তিলমাত্ৰও পদক্ষেপ গ্ৰহণ নকৰে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ সামাজিক-সাংস্কৃতিক আৰু আৰ্থ-সামাজিক জীৱনৰ ভেটিবোৰ প্ৰণালীবদ্ধভাৱে খহাই পেলোৱাৰো অভিযোগ কৰে শইকীয়াই।

ইয়াৰ উপৰি বিভিন্ন অপ্ৰয়োজনীয় কাম কাজত কোটি কোটি টকাৰ শৰাধ কৰা বিজেপি চৰকাৰে কিয় ব্যয় সংকোচনৰ দোহাই দি অসমীয়া বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ ওলোৱাটো এক সন্দেহৰ বিষয় বুলিও শইকীয়াই মন্তব্য কৰে।

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কাৰ্যক গৰিহনা জনাই এয়া মাতৃভাষাক নিঃশেষ কৰাৰ ই এক ভয়ংকৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে।