চৰাইদেউ জিলাৰ ঐতিহাসিক বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাবাৰী গাঁওৰ নিৰুদ্দিষ্ট তিনি গৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাবাৰী গাঁৱৰ নিবাসী প্ৰয়াত বুদেশ্বৰ  গগৈ কন‍্যা পুষ্পাঞ্জলী গগৈ আৰু সেউজী গগৈ আনহাতে বিৰচা নায়কৰ কন‍্যা গায়ত্ৰী নায়ক নামৰ তিনি গৰাকী যুৱতী ৩১ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল। এই সন্দৰ্ভত পৰিয়ালে বৰহাট আৰক্ষী থানাত এজেহাৰ দিছিল।

ইতিমধ্যে বৰহাট আৰক্ষী বিষয়া মৃদুল বৰুৱাৰ অতি ক্ষিপ্ৰতাৰে  গোলাঘাট আৰক্ষীৰ সহযোগত নিৰুদ্দিষ্ট তিনিগৰাকী যুৱতীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়। তিনিগৰাকী যুৱতীৰ পৰিয়ালে আৰু বৰহাট বাসী ৰাইজে বৰহাট থানাৰ আৰক্ষী বিষয়া মৃদুল বৰুৱাৰ প্ৰশাসনিক দল আৰু গোলাঘাট আৰক্ষীক সলাগ লয়।