শোণিতপুৰ জিলাৰ জামুগুৰি আঞ্চলিকৰ তৰফৰ পৰা ৩টা সম্বন্ধনা অনুষ্ঠান কৰা হয় ।জামুগুৰি হাটৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা APS বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰাজেচ ৰাজবংশী আৰু চাইকী নন্দা বৰাক সম্বন্ধনা জনোৱা হয়। এখনি জাতীয় বস্ত্ৰৰে সম্বন্ধনা জনোৱাৰ লগতে উপহাৰ হিচাপে তেওঁলোকক একোটিকৈ গছৰপুলি, কলম ডায়েৰী তেওঁলোক দুজনৰ হাতত তুলি দিয়া হয়। 

   আন এটা অনুষ্ঠান হৈছে হাটিঙাৰ সমাজ কৰ্মী ইলা দেৱীক সম্বন্ধনা। তেওঁক এখন জাতীয় বস্ত্ৰৰে সম্বন্ধনা জনোৱাৰ উপৰিও এটি গছপুলি আৰু নগদ ধন তেওঁৰ হাতত তুলি দিয়া হয়। 

   উক্ত সময়খিনিত আমাৰ লগত উপস্হিত থাকে জিলাৰ বিত্ত সম্পাদিকা স্মৃতি ৰেখা হাজৰিকা মহোদয়া, জামুগুৰি আঞ্চলিকৰ সভানেত্ৰী মমী বৰা মহোদয়া, সম্পাদিকা বেবী বৰঠাকুৰ শইকীয়া,বিত্ত সম্পাদিকা কৈলানী হাজৰিকা উপদেষ্টা বিজু হাজৰিকা মহোদয়া সদস্যা বিউতি শৰ্ম্মা, নিৰু শৰ্ম্মা, কল্পনা কাকতি, মঞ্জুলা বেজবৰুৱ, বীনা বৰা ।