অসমৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়াম সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰাৰ পিছতেই গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰিলে মিউজিয়ামটো।

মিউজিয়ামটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ জৰিয়তে লাভ কৰা ঘৰত এই মিঞা মিউজিয়ামটো স্থাপন কৰা বুলি অভিযোগ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে।

মিঞা মিউজিয়ামক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, ‘অসমীয়া মানুহৰ সামগ্ৰী লৈ মিউজিয়াম খুলিলে কেনেকৈ হ’ব, কাৰ্যালয় খুলিলেই ইয়াৰ সকলো তদন্ত হ’ব, ক’ৰ পৰা টকা আহিছে তাৰো উত্তৰ চৰকাৰক দিব লাগিব’।

উল্লেখ্য যে, বিগত ২৩ অক্টোবৰ অৰ্থাত দেওবাৰে মিঞা পৰিষদৰ উদ্যোগত বিভিন্ন লোকৰ উপস্থিতিত গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা মিউজিয়ামটো উদ্বোধন কৰা হৈছিল।