মাজুলীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ বৰ্ষজোৰা গৌৰৱোজ্বল সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত আয়োজন কৰিছে সদৌ অসম ভিত্তিত তৰ্ক, কুইজ আৰু ৰচনা প্ৰতিযোগিতা৷
মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চতকৰণ কোষৰ সহযোগত আন্তঃ মহাবিদ্যালয়/বিশ্ববিদ্যালয় ভিত্তিত ১ নৱেম্বৰত স্বৰ্গীয় কোষেশ্বৰ বৰুৱা সোঁৱৰণী কুইজ প্ৰতিযোগিতা, ২ নৱেম্বত স্বৰ্গীয় কুলধৰ দলে সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা আৰু অনলাইন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে৷
তৰ্কৰ বিষয় – ‘সদনৰ মতে, সামাজিক মাধ্যমসমূহে সমাজৰ সৰ্বাঙ্গীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷’ স্থানপ্ৰাপ্ত সকলক ক্ৰমে প্ৰথম – ৭০০০, দ্বিতীয় – ৫০০০, তৃতীয় – ৩০০০, শ্ৰেষ্ঠ দলক ৫০০০ কৈ নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ’ব৷ ৰচনাৰ বিষয় ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২২- সম্ভাৱনা আৰু প্ৰত্যাহ্বান৷ ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০০ আৰু দ্বিতীয় পুৰস্কাৰ ১৫০০ টকা৷ ৰচনাসমূহ ইংৰাজী অথবা অসমীয়া দুয়োটা মাধ্যমতে লিখিব পাৰিব৷ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা ৰচনা মৌলিক হোৱাৰ লগতে পূৰ্বে প্ৰকাশিত তথা পৰিৱেশিত হোৱা হ’ব নালাগিব৷ প্ৰতিযোগীসকলে ৰচনাসমূহ ১৫ নৱেম্বৰৰ ভিতৰত u.m.k.college@gmail অথবা 8011976792, 8724916072 নম্বৰত হোৱাটচএপত পিডিএফ কৰি পথাব লাগিব৷ অন্যহাতে কুইজ প্ৰতিযোগিতাৰ বাবে প্ৰতিটো দলে ২০০ টকাকৈ মাছুল দি যোগদান কৰিব পাৰিব৷ বিজয়ী দলসমূহক ক্ৰমে প্ৰথম ৬০০০, দ্বিতীয় ৪০০০ আৰু তৃতীয় স্থানপ্ৰাপ্তক ২০০০ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব৷ অংশগ্ৰহণকাৰী সকলে অধিক জানিবৰ বাবে 8638482967 অথবা 7086205104 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই জানিবলৈ দিছে।