অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত সংযুক্ত প্ৰতিযোগিতামুলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ নাৰায়ণপুৰৰ তিনি কীৰ্তিমান ছাত্ৰক আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ শিক্ষা উন্নয়ণ সমিতি আৰু সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ চাৰিওটা মন্ডলৰ তৰফৰ পৰা বিধায়কৰ সেৱা সদনত অভিনন্দন জনোৱা হয়।
নাৰায়ণপুৰৰ তিনি কীৰ্তিমান ছাত্ৰ প্ৰিয়ব্ৰত হাজৰিকা, ভাস্কৰজ্যোতি পেগু আৰু মাৰ্টিন দেউৰীক বিধায়কগৰাকীয়ে তিনিওকে একোখন গামোচা শৰাই চেলেং এখন মানপত্ৰ আৰু একোখন কিতাপেৰে সম্বৰ্দ্ধনা জনাই৷
তাৰোপৰি প্ৰিয়ব্ৰত হাজৰিকাৰ পিতৃ অৰুন হাজৰিকা ভাস্কৰজ্যোতি পেগুৰ পিতৃ গংগাৰাম পেগু আৰু মাৰ্টিন দেউৰীৰ অভিভাৱকক একোখনকৈ গামোচাৰে বিধায়কগৰাকীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷