গহপুৰত অষ্টম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া এগৰাকী ছাত্ৰীৰ অপহৰণকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰামতে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগনি কছাৰীৰ নিবাসী প্ৰফুল্ল দাসৰ ১৩ বছৰীয়া কণ্যা প্ৰাৰ্থনা দাসক বিহালীৰ ১ নং বৰালীমৰাৰ নাৰায়ণ শৰ্মা নামৰ লম্পদ চৰিত্ৰৰ ব্যক্তিজনে এসপ্তাহ পূৰ্বে বলপূৰ্বক গাড়ীত উঠাই অৰুণাচল প্ৰদেশলৈ নিয়াৰ কথা পোহৰলৈ আহিছে।

নিজ কণ্যাক হেৰুৱাই শোকত ভাগিপৰা পিতৃ মাতৃয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি দিবলৈ আৰক্ষী, প্ৰশাসনক কাতৰ আহ্বান জনোৱাৰ লগতে নিম্নউল্লেখিত 8099536872 নম্বৰত জনাবলৈ অনুৰোধ কৰিছে ।