গোলাঘাটৰ জিলাৰ ঢেকীয়াল কাঠকটীয়া নাথগাঁৱৰ এজন ব্যক্তি যোৱা ৫ দিনৰ পৰা নিৰুদ্দেশ হোৱাত সৃষ্টি হৈছে চাঞ্চল্য ৷ যোৱা বৃহস্পতিবাৰেই ঘৰৰ পৰা সম্বন্ধীয় লোকৰ ঘৰলৈ যাওঁ বুলি ওলাই যোৱাৰ পিছত বৰ্তমানলৈকে নাই কোনো সন্ধান ৷ ব্যক্তিজনৰ নাম ৰেৱকান্ত নাথ,বয়স ৫৪ বছৰ ৷

ব্যক্তিজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ সকলো৷ সম্বন্ধীয় সকলো লোকৰ ঘৰত খবৰ কৰিলে যদিও নাপালে কোনো সম্ভেদ সেয়ে পৰিয়ালটো কাষ চাপিছে ঢেকীয়াল আৰক্ষীৰ । আৰক্ষীয়েও বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে পোৱা নাই কোনো সন্ধান ৷ যদি কোনো সদাশয় লোকে এই ব্যক্তিজনক দেখা পাই তেন্তে পুত্ৰৰ 6003378042 নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ অনুৰোধ জনাইছে।