নুমলীগড়ত পুৱাই হাতে হাতে দা-কোৰ লৈ পাঁচ শতাধিক মহিলাৰ জংঘল চাফাই অভিযান ৷পথত বন্যহাতীৰ উপদ্ৰৱ ৰোধৰ প্ৰচেষ্টা ৷ 

 নুমলীগড়ৰ পোৰাবঙলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল সংযোগি পথত এজাক মহিলাৰ চাফাই অভিযান ৷ "ৰ’দালি আৰু পদুম" নামৰ দুই গ্ৰাম্য সংগঠনৰ পাঁচশতাধিক মহিলাই হাতে হাতে দা কোৰ লৈ পথৰ পৰা দহফুট পৰ্যন্ত পথৰ কাষৰ জংঘল চাফাই কৰিছে ৷ পৰিত্যক্ত বগীধলা বাগিচাৰ বিশাল জংঘলত আশ্ৰয় লৈছে বন্যহাতীৰ জাকে ৷ যাৰবাবে পথটোৰে দৈনন্দিন কামকাজৰ বাবে অহাযোৱাত সমস্যাৰ সৃষ্টি হয় ৷ আতংকৰ মাজেৰে পথ অতিক্ৰম কৰিব লগা হয় ৷ সেয়ে মাৰবান্ধি ওলাই আহিল কেইবাখনো গাৱঁৰ দুটাকৈ গ্ৰাম্য সংগঠনৰ মহিলা একত্ৰিত হৈ ৷ আৰু এইদৰেই জংঘল চাফাই কৰি কিছু হলেও পথটোৰে অহাযোৱা কৰোতে সাবধান হব পাৰিব হাতীৰ সন্মুখীন হৈ অনাহুত পৰিস্থিতি মোকাবিলাৰ বাবে ।