কলাক্ষেত্ৰত নহয় এইবাৰ গোৱালপাৰা জিলাত উদ্ধোধন কৰা হ’ল মিঞা সংগ্ৰহালয়।

আজি গোৱালপাৰা জিলাত সদৌ অসম মিঞা পৰিষদ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা হয়।

উল্লেখযোগ্য যে, মিঞাসকলে তাহানিৰে পৰা ব্যৱহাৰ কৰি অহা সামগ্ৰীসমূহ সংৰক্ষণ কৰা হৈছে এই মিঞা সংগ্ৰহালয়টোত।

আজিৰ এই মিঞা সংগ্ৰহালয়টোৰ উদ্বোধনী কাৰ্য্যত উপস্থিত থাকে মিঞা জনগোষ্ঠীৰ কেইবা শতাধিক লোকৰ লগতে আমন্ত্ৰিত অতিথি আৰু মিঞা পৰিষদৰ বিষয়বীয়াসকল।

সকলো মিঞালোকৰ উপস্থিতি মৰ্মে অৱশেষত গোৱালপাৰা জিলাত উদ্বোধনী কৰা হ’ল মিঞা সংগ্ৰহালয়।