সোণাৰিৰ ৰতনপুৰত ফুটবল প্ৰতিযোগিতা সম্পন্ন

চৰাইদেউ ফুটবল দলৰ খিতাপ দখল

সোণাৰি আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু ৰতনপুৰ ড্ৰিম ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা উজনি অসম আন্তঃ ক্লাৱ ফুটবল প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰে। ৰতনপুৰ চাহ বাগিচা খেপথাৰত আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চৰাইদেউ ফুটবল দলে বিহুবৰ ফুটবল দলক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। চূড়ান্ত খেলখনৰ আৰম্ভণিতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ভাৰতীয় সেনা বাহিনীৰ ৰাজপুত ৰেজিমেণ্টৰ মেজৰ দেবানুষ, লেফটেনেন্ট বিপিন যাদৱ, চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া ললিত চাবুকধৰা, ফুটবল শাখাৰ সম্পাদক দীপক মল্লিক আদিৰ সৈতে চূড়ান্ত খেলত অৱতীৰ্ণ হোৱা দুইটা দলৰ খেলুৱৈ সকলক পৰিচয় কৰোৱাই দিয়া হয়। খেলখনৰ প্ৰথমাৰ্ধৰ ৮ মিনিটত চৰাইদেউ দলৰ স্ট্ৰাইকাৰ যুৱৰাজ বৰগোহাঁইয়ে এটা গল দি নিজ দলক অগ্ৰগতি প্ৰদান কৰে। তীব্ৰ প্ৰতিদ্বন্দীতাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধৰ পৰিবৰ্তী সময়ছোৱাত দুইটা দলে উভয়পক্ষক আক্ৰমণ আৰু প্ৰত্যাক্ৰমন অব্যাহত ৰাখে যদিও গলৰ সংখ্যা বৃদ্ধি কৰাত ব্যৰ্থ হয়। খেলখনৰ ৪৩ মিনিটত চৰাইদেউ দলৰ হৈ যুৱৰাজ বৰগোহাঁইয়ে দ্বিতীয়টো গল দি গলৰ ব্যৱধান ২-০লৈ বৃদ্ধি কৰে। ইয়াৰ পিছত প্ৰায় একপক্ষীয় হৈ পৰা খেলখনৰ ৫৩ মিনিটত চৰাইদেউ দলৰ হৈ ভূষণ সোনোৱালে হেড কৰি এটা গল দি ৩-০ গলৰ ব্যৱধানত নিজ দলৰ জয় নিশ্চিত কৰে। খেলখনৰ অন্তত বিশিষ্ট অতিথি সকলে বিজয়ী আৰু বিজিত দল দুটাৰ খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধনেৰে পৰিস্কৃত কৰে। অনুষ্ঠানত চৰাইদেউ দলৰ শংকৰ তাঁতীক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু যুৱৰাজ বৰগোঁহাইক চূড়ান্ত খেলখনৰ মেন অফ দা মেটছৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। চূড়ান্ত খেলখন পৰিচালনা কৰে গৌতম বৰাই আৰু তেওঁক লাইনত সহায় কৰে ক্ৰমে ৰাহুল মল্লিক আৰু মনোজ বৰাই।