ইংলেণ্ডৰ বাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছত লন বলত সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য অসমৰ নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেণ্ট পদলৈ (ডি এছ পি সমতুল্য) পদোন্নতি প্ৰদান কৰা হ’ব।

ইতিহাস সৃষ্টি কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবেই অসম বন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰ্তমান নয়নমণি শইকীয়া দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল হিচাপে কৰ্মৰত হৈ আছে।

উল্লেখ্য যে মঙলবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে স্বৰ্ণ পদক অৰ্জন কৰিছিল।