শংকৰদেৱ গুৰু হয়নে নহয় তাক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ এই বিষয়টোক লৈ নিজৰ মত প্ৰকাশ কৰিছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে।

শংকৰদেৱ গুৰু হয়নে নহয় সেই কথা নাজানো বুলি উল্লেখ কৰি জুবিনে আজি কয়, ‘অসমীয়া জাতিৰ গুৰু কোন? কোনেও নাজানে। ময়ো নাজানো। সদায় নতুন নতুন গুৰু ওলায়ে থাকে দেখোন’।

স্বভাৱসূলভ মন্তব্যৰ বাবে পৰিচিত জুবিনে লখিমপুৰত এটা শ্ব’ ৰুম মুকলি কৰি লগতে কয়, ‘মই এটা কথাই জানো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ। মই কেৱল প্ৰকৃতিক বিশ্বাস কৰো’।

ইয়াৰ উপৰি, অসমীয়াৰ সংজ্ঞা সন্দৰ্ভতো মন্তব্য কৰি কয়, ‘অসমীয়াৰ সংজ্ঞানো কি? অসম সাহিত্য সভাই নিজেই ইংৰাজীত নিজৰ পৰিচয় ভুলকৈ লিখে। নিজৰ ভুল শুধৰাই বাকী কথা কওক। বিষ্ণুৰাভাই তাহানিতে কৈ গৈছে গুটি অবিহনে গছৰ ভৱিষ্যত অন্ধকাৰ বুলি’।