বকোৰ শিংৰা পালাহপাৰাত অঘটন। বনৰীয়া হাতীৰ গচকত এজন লোকে প্ৰাণ হেৰুওৱা ঘটনাই ঘটনাক লৈ চাঞ্চল্যৰ কৰিছে অঞ্চলটোত। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

হাতীৰ আক্ৰমণত নিহত হোৱা লোকজনক হৰিচৰণ ৰাভা (৫৫) বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ ঘৰ শিংৰাৰ পালাহপাৰাত। 

জানিব পৰা মতে, খৰি কাটিবলৈ যাওঁতেই বনৰীয়া হাতীৰ এটা জাকে আক্ৰমণ কৰে ৰাভাক। 

হাতীৰ জাকটোত চাৰিটা হাতী থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। 

উল্লেখ্য যে, ৰাজ্যৰ বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ বাবেই ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত লোকলায়লৈ ওলাই অহা হাতীৰ জাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ অব্যাহত ৰখাৰ লগতে প্ৰাণো কাঢ়িছে বহু লোকৰ।

কিছুদিন পূৰ্বে অৰ্থাত ২০ অক্টোবৰতো বনৰীয়া হাতীৰ আক্ৰমণত যোৰহাট জিলাৰ তিতাবৰত এজন লোকে প্ৰাণ হেৰুৱাইছিল।