অসমৰ ব্যৱসায়িক পুনৰ ধন দাবীৰ অভিযোগ উত্থাপন হৈছে নগা উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে। সোণাৰিৰ গাড়ী মালিকক নগা বিদ্ৰোহী সংগঠনে ধন দাবী কৰা এখন পত্ৰ ইতিমধ্যে আহি পৰিছে আমাৰ হাতত। সোণাৰিৰ সৰু গাড়ীৰ মালিক সন্থাক NSCN খাপলাং গোটৰ ধন দাবী।
Sponsored
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
নগালেণ্ডৰ মন আৰু টোৱেনচাং জিলালৈ চলাচল কৰা প্ৰতিখন সৰু-বৰ গাড়ীৰ বাবদ ৫ লাখ টকাকৈ ধন দাবী৷ ধন দাবীত জড়িত NSCN(K)ৰ লেফটেনেণ্ট কৰ্ণেল মানলাই কন্যাক বুলি ধন দাবী পত্ৰত উল্লেখ ৷
ঘটনাক লৈ সোণাৰিত সৰু গাড়ীৰ মালিক সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া৷ ইফালে এই ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে৷