মঙলদৈৰ শাকতোলা নদীৰ ভঙা মথাউৰিৰে পুনৰ পানী নিগৰিছে।আতংকিত হৈছে প্ৰায় বাৰ খন গাৱৰ ৰাইজৰ ।পুনৰাবৃত্তি হ'ব নেকি আকৌ ৰঙামাটি, বৰঠেকেৰাবাৰীত বানপানী।

প্ৰায় চল্লিশ দিন পূৰ্বে মঙলদৈৰ বৰআঠীয়াবাৰীত ননৈ নদীৰ পশ্চিম প্ৰান্তৰ এইটো মথাউৰি ভাঙি প্ৰায় বাৰ খন গাৱ বহু দিন ধৰি জলমগ্ন হৈ সৰ্বশ্ৰান্ত হৈছিল ৷মুখ্যমন্ত্ৰী তথা বিভাগীয় বিধায়কে মথাউৰিটোৰ চিগা অংশ বাৰে বাৰে পৰিদৰ্শন কৰিছিল যদিও আকৌ মথাউৰিটিত হোৱা এই ছিদ্ৰ ই আকৌ আতংকিত কৰিছে গাওঁ বাসীক।