মাহমৰা সমষ্টিৰ অন্তৰ্গত মিলন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখনি বিশেষ গাঁও সভা অনুষ্ঠিত হয় ।  এই গাঁও সভাত দেশৰ ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৫ বৰ্ষ উদযাপন কৰাৰ বাবে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাইজৰ প্ৰতি যি আহ্বান "হৰ ঘৰ তিৰংগা " সন্দৰ্ভত আলোচনা কৰা হয় । মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতি ঘৰতে যাতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে পতাকা উৰুৱা হয় তাৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা লগতে এই সন্দৰ্ভত সজাগতা মূলক কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাই মিলন গাওঁপঞ্চায়তৰ সভাপতি নৱ বৰুৱাই। লগতে পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাঙ্গণতে এটি ত্রিৰংগা বিক্ৰী কেন্দ্ৰও মুকলি কৰে।