যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ অধ্যক্ষতাত আগন্তুক দীপাৱলী উদযাপনৰ নীতি নিয়ম সম্পৰ্কীয় এখন সভা আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় ।উপায়ুক্ত গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠন কৃষ্টিৰ কঠিয়া,সেৱা,দিচৈ ভেলী, ৰুদ্ৰাক্ষী,গীতা আশ্ৰম,সাৰথী বৃদ্ধাশ্ৰম আদি বহু কেইটা সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত আগন্তুক দীপাৱলী পোহৰৰ উৎসৱ হিচাপে পালন কৰিবলৈ যোৰহাটবাসীক আহ্বান জনায় ।দীপাৱলী উদযাপনৰ নামত যাতে উচ্চ প্ৰাবল্যৰ আতছবাজি ফুটাই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট,পৰিৱেশ প্ৰদূষণ,শব্দ প্ৰদূষণ নকৰে আৰু ইতৰ প্ৰাণী সমূহৰ বসতিস্থলৰ কোনো ক্ষতি নহয় তাৰ প্ৰতি গুৰুত্ব বুজি পৰাপক্ষত বোমা,ফটকা আদি ফুটুৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ জিলা উপায়ুক্তই সকলো ৰাইজক আহ্বান জনায়৷সভাত জিলাখনত প্ৰায় দহ হেজাৰ মাটি চাকি বিতৰণৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অহা শনিবাৰে দিনৰ ২ বজাত সেউজীয়া দীপাৱলী উদযাপনৰ উদ্দেশ্যে এক সজাগতা শোভাযাত্ৰা উলিওৱাৰ সিন্ধান্ত গ্ৰহণ কৰা হয়৷ স্বেচ্ছাসেৱী সংগঠন,স্থানীয় সচেতন ৰাইজৰ সহযোগত প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলাৰ আহ্বানেৰে দীপাৱলীত ব্যৱহৃত কলগছবোৰ গীতা আশ্ৰমলৈ প্ৰেৰণ কৰাৰ সিন্ধান্তও গ্ৰহণ কৰে । আনহাতে সেউজীয়া দীপাৱলী উদযাপনৰ উদ্দেশ্যে পোষ্টাৰ গোহাৰি আদি বিতৰণৰ যোগেদি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ স্বেচ্ছাসেৱী সংগঠন সমূহক দায়িত্ব দিয়া হয়৷সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
পোহৰৰ উৎসৱক সজাই পৰাই মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰিবলৈ সকলোকে অনুপ্ৰেৰণা যোগোৱাৰ অৰ্থে আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহৰ সন্মুখভাগ সজাই তোলা হয়৷