পুনৰ আৰক্ষীৰ তীব্ৰতৰ অভিযানত ধৰা পৰিল নিষিদ্ধ সংগঠন পিএফআইৰ ৪ সদস্য। অসমৰ কামৰূপ গ্ৰাম্যৰ নগৰবেৰাৰ পৰা চাৰিজন পিএফআই সদস্যক গ্ৰেপ্তাৰ।

নিষিদ্ধ সংগঠন পিএফআইৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত অভিযান চলি আছে।

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কামৰূপ জিলাৰ নগৰবেৰাৰ পৰা সংগঠনটোৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰে।

কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ ৰায়ে জনোৱা অনুসৰি, এই আটক হোৱা চাৰিজনৰ তিনিগৰাকী সক্ৰিয় সদস্য লগতে পিএফআইৰ সৈতে জড়িত আন এজন ব্যক্তিকো আটক কৰা হৈছে।

কামৰূপ জিলা আৰক্ষীৰ নেতৃত্বত পুৱতি নিশাৰ ভাগত নগৰবেৰাৰ বিভিন্ন স্থানত PFIৰ বিৰুদ্ধে চলিছিল এই অভিযান।

আটকাধীন লোক কেইজন ক্ৰমে নজৰুল ইছলাম, নগৰবেৰাৰ পলাহৰটাৰীৰ হাফিজুৰ ৰহমান, টুপামাৰীৰ ৰফিকুল ইছলাম আৰু খামেৰীৰ মমিনুৰ ইছলাম বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে যোৱা মাহত পিএফআই আৰু ইয়াৰ কেইবাটাও সহযোগী সংস্থাক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল, তেওঁলোকৰ ওপৰত আইএছআইএছৰ দৰে বিশ্বব্যাপী সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল।

বিগত মাহত কেইবাখনো ৰাজ্যত অভিযান চলাই পিএফআইৰ সৈতে জড়িত ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।