ভূড়াৰগড়ত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ "ৰেছম ক্ষেত্ৰ দিবস" পালন
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
"অসমত এৰী- মুগা পালনেৰে স্বাৱলম্বী হোৱাৰ ব্যাপক সম্ভাৱনা আছে যদিহে ইয়াক আধুনিক প্ৰযুক্তি প্ৰয়োগৰ মাধ্যমত কাৰ্যকৰী কৰিব পৰা যায় " এই বক্তব্য কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী ছফিউৰ ৰহমানৰ। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বকোস্থিত আঞ্চলিক ৰেচম গৱেষণা কেন্দ্ৰৰ উদ্যোগত শুক্ৰবাৰে দৰঙৰ ভূড়াৰগড় ৰেচম পামত "ৰেচম ক্ষেত্ৰ দিবস" উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ৰেচম বিজ্ঞানী গৰাকীয়ে আৰু কয় আওপুৰণি পদ্ধতিৰ সলনি আধুনিক পদ্ধতিৰে পলু পালন কৰিলে নিশ্চিত ভাৱে উৎপাদন বৃদ্ধি পাব আৰু এৰী- মুগা পালক সকল অধিক লাভান্বিত হব । তেওঁ মুগা পলুৰ ৰোগ প্ৰতিৰোধৰ লগতে পলু পালনৰ আধুনিক প্ৰযুক্তি সম্পৰ্কে বহলাই আলোচনা কৰে । বকোৰ ৰেচম গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ ক্ষেত্ৰ সহায়ক নৱজ্যোতি শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত দৰং জিলাৰ সহকাৰী ৰেচম সঞ্চালক প্ৰতীম ভূঞা, জিলা সম্প্ৰসাৰণ বিষয়া হিমাংশু ডেকা, ৰেচম প্ৰদৰ্শকদ্বয় আছাদ আলী আৰু ৰত্না চৌধুৰী, চি এছ বি ৰ ছামিম হুছেইনে অংশগ্ৰহণ কৰে । দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰেচম ক্ষেত্ৰ দিবসত ঝাকুৱাপাৰা, বাঘৰবৰী , বালিপোতা, চৰণধৰা, লোজোৰা, কমাৰপাৰা, কছাৰীপাৰা আদি গাৱঁৰ ৰেচম কৃষক উপস্থিত থাকে।