বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক জামিনি নাৰ্জাৰীৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশ

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীৰ পিতৃ বনৰগাঁও এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জামিনি নাৰ্জাৰীৰ আজি পুৱা ১০-৪৫ বজাত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ পৰলোকগামী হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। কেইবামাহৰ পৰা যক্ষ্মা ৰোগত আক্রান্ত হোৱা জামিনি নাৰ্জাৰীক বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু দহদিনৰ পূৰ্বে ঘৰলৈ লৈ যোৱা হয়। আজি অৱসৰী শিক্ষক গৰাকী নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। অৱসৰী শিক্ষক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত উপস্থিত হৈ অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে। ১৯৪৫ চনত খাগ্ৰাবাৰী গাঁৱত জন্ম গ্ৰহণ কৰা জামিনি নাৰ্জাৰীয়ে

খাগ্ৰাবাৰীতে প্ৰাথমিক শিক্ষা আৰু ১৯৫২ চনত চিমাৰগাঁও এমই স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ১৯৫৮ চনত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৬০ চনত খাগ্ৰাবাৰী গাঁৱৰ চনীৰাম ব্ৰহ্ম আৰু চাওথালি ব্ৰহ্ম জী নামেশ্বৰী ব্ৰহ্মৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা জামিনি বসুমতাৰীয়ে ১৯৬১-৬২ চনত বিচুমাৰী এম ই স্কুলত দুবছৰ শিক্ষকতা কৰাৰ পাছত ১৯৬৩ চনত বনৰগাঁও এম ই স্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। সুদীৰ্ঘ বছৰ শিক্ষকতা পাছত ২০০৩ চনত একেখন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা জীৱনৰ লগতে জামিনি নাৰ্জাৰীয়ে বনৰগাঁও হাইস্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ লগতে বড়ো সাহিত্য সভাৰ বনৰগাঁও আঞ্চলিক সমিতিৰ দুবাৰৰ সাধাৰণ সম্পাদক, চাপকটা জামফৈ উন্নয়ন সমিতিৰ সভাপতি, বনৰগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈ সমাজৰ সেৱা আগবঢ়াই গৈছে।১৯৭৪ চনত হোৱা বড়ো ভাষা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোঁতে পুলিচৰ অত্যাচাৰৰ মুখামুখি হোৱাৰ কাৰাবাস খাটিব লগা হৈছিল।মৃত্যুৰ সময়ত তেওঁ পত্নী, পাঁচজন পুত্ৰ, বোৱাৰী, তিনিজনী বিবাহিতা জী,কেবাটাও নাতি-নাতিনীক ইহঃসংসাৰত এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত বিকেডব্লিউএচিৰ অধ্যক্ষ গাম্বাৰু মুছাহাৰী,উপাধ্যক্ষ সৃজৌন বসুমতাৰী, ইএম অনিল বসুমতাৰী,ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম,উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,ললিত চন্দ্ৰ বড়ো, বিটিআৰৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি শান্তনু বসুমতাৰী,সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী,বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি মদন স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক থানেশ্বৰ দৈমাৰী, প্ৰাক্তন সভাপতি চবিন স্বৰ্গীয়াৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি গন্ধেশ্বৰ গগৈ, সাধাৰণ সম্পাদক তোলন সোনোৱাল, ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰী,সাধাৰণ সম্পাদক মনোজ স্বৰ্গীয়াৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি শুক্ৰধৰ বসুমতাৰী,উপ সভাপতি বিলাম্বৰ খেৰকটাৰী, সাধাৰণ সম্পাদক হেমন্ত বসুমতাৰী,ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী, সাধাৰণ সম্পাদক অজিত বসুমতাৰীয়ে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।