ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইলেকট্ৰনিক্স & ইনফৰমেশ্যন টেকনলজীৰ অন্তৰ্গত NIELIT গুৱাহাটীৰ উদ্যোগত আৰু IQAC ওদালগুৰি কলেজ আৰু এম আৰ এছ ডি এন জি ও ৰ সহযোগত ওদালগুৰি কলেজত দুদিনীয়া প্ৰশিক্ষণৰ অনুষ্ঠান এটিৰ আয়োজন কৰা হয়। মূখ্যত ছাত্ৰ-ছাত্ৰী , মহিলা আৰু খেতিয়ক সকলক বেলেগ বেলেগকৈ তিনিটা ভাগত কম্পিউটাৰ, ম'বাইল সম্পৰ্কীয় কৃষি আৰু বিপণন আৰু চাইবাৰ সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হয়।

এই অনুষ্ঠানটো মুকলি কৰে ওদালগুৰি কলেজৰ অধ্যক্ষ ডঃ লুক দৈমাৰীয়ে, য'ত কলেজৰ উপ অধ্যক্ষ সোমনাথ নেপাল, এই এছ ডি এম ৰ ডি পি এম ফাৰুক আহমেদ, এচপায়াৰ কলেজৰ ময়ুৰচা বড়ো আৰু জয়ন্ত ডেকা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ওদালগুৰি কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ডঃ অঞ্জন উপাধ্যায়ক এই অনুষ্ঠানটেই সম্বৰ্ধনা জনোৱা হয়। NIELIT গুৱাহাটীৰ বিষয়া কমল বাগলাৰী আৰু তেওঁৰ দলে এই অনুষ্ঠানতোত প্ৰশিক্ষণ প্ৰদান কৰে।

অনুষ্ঠানটো পৰিচালনা কৰা এম আৰ এছ ডি ৰ অধ্যক্ষ মিলন‌ দাসে প্ৰশিক্ষণৰ অন্তত সকলোৱে প্ৰমাণপত্ৰ লাভ কৰিব বুলি জনায়।