ওদালগুৰিত বিশ্ব আয়োডিন অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস উদযাপন 

আজি বিশ্ব আয়ডিন অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো এই জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষ্যে ওদালগুৰি ছোৱালী হায়াৰ চেকেণ্ডেৰী স্কুল প্ৰাংগনৰ পৰা এক সজাগতা ৰেলী উলিওৱা হয়। চহৰৰ মাজমজিয়াৰে উলিওৱা ৰেলীটোত বিদ্যাল়য়ৰ ছাত্ৰীসকল, আশা কৰ্মী, এ এন এমৰ লগত জিলা স্বাস্থ্য সমিতিৰ বিষয়া, কৰ্মচাৰীয়ে অংশগ্ৰহন কৰে। লগতে এই সন্দৰ্ভত এখন সজাগতা সভাও অনুষ্ঠিত হয়। এই সভাত ডা. খগেন নাথে আয়ডিন কি, শাৰীৰিক আৰু মানসিক স্বাস্থ্য বিকাশত আয়ডিনৰ প্ৰয়োজনীয়তা কিমান, আয়ডিনৰ অভাৱত হোৱা বিসংগতি সন্দৰ্ভত আলোকপাত কৰে। এই সভাত জিলা প্ৰগ্ৰেম মেনেজাৰ বাছিল টপ্প, জিলা মিডিয়া বিশেষজ্ঞা মধুস্মিতা বৈশ্য, জিলা কমিউনিটী মবিলাইজাৰ সঞ্জীৱ কুজুৰ, জিলা গাণনিক বিষয়া ছাহনৱাজ হুছেইন, মুনজ্যোতি কাশ্যপ, ৰুমী শৰণীয়া, আদিৰ লগতে বিদ্যালয়ৰ উপ অধ্যক্ষ চনতী নাৰ্জাৰীৰ লগতে আন আন শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। 

বাইট 

বাছিল টপ্প' 

প্ৰোগ্ৰাম মেনেজাৰ।