চৰাইদেউত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অবস্থায় চকু কপালত তুলিব আপোনাৰ

বিদ্যালয়ৰ বিধ্বস্ত পৰিবেশত সোণালী শৈশৱ, সৰব চৰাইদেউ আটছা

চৰাইদেউ পৰ্বত চাহ বাগিচাৰ তিনি লং লাইনৰ দাঁতিত থকা এখন বিধ্বস্ত প্ৰাথমিক বিদ্যালয়ত তিনিকুৰিৰো অধিক ছাত্র ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি সোণালী শৈশৱ অতিবাহিত কৰিবলগীয়া হোৱা বিষয়টোত সৰব হৈ পৰিছে আটছা। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সোণাৰি শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম চৰাইদেউ মজদুৰ প্ৰাথমিক বিদ্যালয় নামৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানখন ১৯৯১ চনত প্ৰতিষ্ঠা হৈছিল আৰু ২০১৩ চনত বিদ্যালয় খন চৰকাৰী কৰণ হয়। উদ্বেগৰ বিষয় এয়ে যে ৬৫ গৰাকী ছাত্র ছাত্ৰী থকা শিক্ষানুষ্ঠান খনিৰ গৃহটি বাহৰে নিৰ্মিত আৰু অৱস্থা অতিকে শোচনীয়। বিদ্যালয় গৃহৰ জৰাজীৰ্ণ, বিধ্বস্ত পৰিবেশৰ মাজতে ইয়াত দুগৰাকী শিক্ষকে ৬ টা শ্ৰেণীত ৬৫ গৰাকী ছাত্র ছাত্ৰীক নিয়মীয়া কৈ শিক্ষা দান কৰি আহিছে। বিগত গুণোৎসৱত এ গ্ৰেড লাভ কৰা শিক্ষানুষ্ঠানখনিৰ পৰিবেশ উন্নত কৰাৰ লগতে ইয়াৰ আন্তঃগাঁথনিৰ মান উন্নত কৰা আৰু ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ শেহতীয়াকৈ সৰব হৈ পৰিছে আটছাৰ চৰাইদেউ উপ শাখা সমিতি আৰু সোণাৰি শাখা সমিতি। কালি সমিতি দুখনৰ বিষয়ববীয়া সকলে শিক্ষানুষ্ঠানখনিত উপস্থিত হৈ শিক্ষক দুগৰাকীৰ লগত বাৰ্তালাপ কৰি বিদ্যালয় খনিৰ পৰিবেশ উন্নত কৰাৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। পৰৱৰ্তী সময়ত আটছাৰ বিষয়ববীয়া সকলে সংবাদ মাধ্যমৰে মুখামুখি হৈ চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে শিক্ষানুষ্ঠানখনিৰ পৰিবেশ উন্নত কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে।