যোৱা ইং ১৯ /১০ /২০২২ তাৰিখে বীৰ লাচিত সেনা , অসম নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত নাজিৰা প্ৰেছ ক্লাৱত মহকুমা সমিতিৰ বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় । বীৰ লাচিত সেনা , অসমৰ পবিত্ৰ সংবিধানৰ নিয়ম অনুসৰি মহকুমা সমিতিৰ পৰিবৰ্তে এটা সমষ্টিক সাঙুৰি এখন আঞ্চলিক সমিতি গঠন কৰা আৰু অঞ্চল ভিত্তিক শাখা সমিতি আৰু গাওঁ ভিত্তিক প্ৰশাখা সমিতি গঠন কৰা ৰ যি নীতি সেই নীতিৰ আধাৰত নাজিৰা মহকুমা সমিতিখন ভংগ কৰি বৃহত্তৰ নাজিৰা আঞ্চলিক সমিতি গঠন কৰা হয় আৰু মহকুমা সমিতি ৰ অন্তগৰ্ত সকলো আঞ্চলিক সমিতিক শাখা সমিতিলৈ ৰূপান্তৰিত কৰা হয় । পাছৰ পয্যায়ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মাৰ্ধূয্য ৰাজকোঁৱৰ ডাঙৰীয়া ই সভাপতিত্ব কৰি বিজয় চৰাইমূৰীয়াক সভাপতি , উদ্ধৱ গগৈক উপ-সভাপতি , কৃষ্ণকান্ত কোঁৱৰক মুখ্য সচিব , উজ্জ্বল গগৈ আৰু বিদিত সন্দিকৈক যুটীয়া সচিব , মুনীন্দ্ৰ চেতিয়াক মুখ্য সাংগঠনিক সচিব , বিতুপন শইকীয়াক যুটীয়া সাংগঠনিক সচিব , অৰিন্দম শইকীয়া আৰু মিঠু সন্দিকৈক প্ৰশাসনিক সচিব , ৰিতুপন সন্দিকৈ আৰু ৰিতুৰাজ সন্দিকৈক তথ্য আৰু প্ৰচাৰ সচিব , প্ৰাঞ্জল গগৈক ক্ৰিয়া সচিব ( শিমলুগুৰি ), প্ৰাঞ্জল গগৈক ( লক্ষ্মীজান ) শিক্ষা সচিব , মানস সন্দিকৈক কাৰ্যলয় সচিব আৰু প্ৰতিখন শাখা সমিতিৰ সভাপতি / সচিব সকলক আঞ্চলিকৰ কাৰ্যনিৰ্বাহক হিচাপে ধৰি ২০ জনীয়া শক্তিশালী বৃহত্তৰ নাজিৰা আঞ্চলিক সমিতিখন গঠন কৰা হয় । উক্ত সভাই পূৰ্ব ৰ নাজিৰা মহকুমা সমিতি সভাপতি প্ৰাঞ্জল শইকীয়া , যুটীয়া সচিব অনুপম সন্দিকৈ , জয়দ্বীপ দিহিঙীয়া , সাংগঠনিক সচিব দীপাংকৰ বেজবৰুৱা , শিক্ষা সচিব ত্ৰৈলোক্য ৰাইদঙীয়াক শিৱসাগৰ জিলা সমিতিলৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে । উক্ত সভাত আমগুৰি আঞ্চলিক সমিতি উপদেষ্টা উদয় আদিত্য বড়া ,জিলা তদৰ্থ সমিতি অনুপম সন্দিকৈ ,পংকজ দাস আৰু মবিদুৰ ৰহমান উপস্থিত থাকে । অনাগত দিনত নতুন সমিতিখনে নাজিৰা বিভিন্ন সমস্যা সমাধানৰ ওপৰত সবল ভূমিকা পালন কৰিব বুলি জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણ તાલુકા પંચાયત. ૧૫મા નાંણાપંચ ની ગ્રાન્ટ ના આયોજન માટે સામાન્ય સભા
પાટણ તાલુકા પંચાયત. ૧૫મા નાંણાપંચ ની ગ્રાન્ટ ના આયોજન માટે સામાન્ય સભા
પાટણ તાલુકા...
કટાવ ધામના 91 વર્ષીય મહંતનો ટૂંકી માંદગી બાદ દેહવિલય,પાલખી યાત્રા સાથે તેમની અંતિમવિધિ કરાઈ,પાર્થિવ દેહ પંચ મહાભૂત માં વિલીન
સુઇગામ તાલુકાના પ્રખ્યાત યાત્રાધામ અને મીની અયોધ્યા તરીકે પ્રખ્યાત કટાવ ધામના મહંત કરશન દાસ...
Tourism stakeholders’ conclave in Seijosa on 2nd December 2022
A 2 days Arunachal Tourism Stakeholders conclave was held from 29 to 30 Nov at Seijosa under...
अज्ञात वाहन ने ऑटो टैक्सी को सामने से मारी टक्कर जिससे टैक्सी ड्राइवर की मौके पर मौत,
अज्ञात वाहन ने ऑटो टैक्सी को सामने से मारी टक्कर जिससे टैक्सी ड्राइवर की मौके पर मौत,
विश्वविद्यालय अनुदान आयोग ने किया राजस्थान के तीन विश्व विद्यालयों को बैन.
जयपुर. विश्वविद्यालय अनुदान आयोग ने राजस्थान की तीन निजी यूनिवर्सिटीयों के पीएचडी कोर्स करवाने पर...