গোলাঘাটত অব্যাহত আছে বৰ বিষ ড্ৰাগছৰ ৰমৰমিয়া অবৈধ বেহা
মাছ বিক্ৰীৰ অচিলা লৈ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মাৰাত্মক ড্ৰাগছৰ কলা ব্যবাসায়
বৃহস্পতিবাৰে সন্ধিয়া গোলাঘাট আৰক্ষীয়ে এক বিশেষ নিৰ্ভযোগ্য সুত্ৰেদি খবৰ পাই নগৰৰ মাজমজিয়াত অৱস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপতে এখন মাছৰ দোকানত অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছ সহ বুবুল আলি নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে জানিব দিয়ে যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অবস্থিত এখন ফিচাৰি কাষত বহি নিতৌ সন্ধিয়া মাছ বিক্ৰী কৰি অহা চেকিব আলি নামৰ যুৱক জনৰ লগত বহি বুবুল আলি নামৰ যুৱক জনে অবৈধ ড্ৰাগছৰ ব্যবসায় কৰি আহিছিল আৰু আজি এক বিশেষ সূত্ৰে খবৰ লাভ কৰা পিছতেই গোলাঘাট আৰক্ষীৰ এটা দলে অভিযান চলাই অভিযুক্ত যুৱক জনক ড্ৰাগছ সহ আটক কৰিবলৈও সক্ষম হয়।