নাজিৰা, ২০ অক্টোবৰ: আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ সভাপতিত্বত নাজিৰা মহকুমা অন্তৰ্গত চৰকাৰী বিভাগ সমূহৰ উন্নয়ন মূলক কাম কাজৰ পৰ্যালোচনা সম্বন্ধীয় এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত বিভিন্ন চৰকাৰী বিভাগ যেনে- স্বাস্থ্য, কৃষি, পশুপালন আৰু পশু চিকিৎসা, জলসম্পদ, জলসিঞ্চন,জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ (গৃহ আৰু পথ),  শিক্ষা, বন (সামাজিক বনানিকৰণ আৰু টেৰিটৰিয়েল),আবকাৰী, পুৰাতত্ত্ব, শক্তি, সমাজ কল্যাণ, উদ্যোগ আৰু বাণিজ্য, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জলসিঞ্চন, চহৰ আৰু নগৰ পৰিকল্পনা, সংহত শিশু উন্নয়ন প্ৰকল্প, ৰেচম, জিলা পৰিষদ,ক্রীড়া, বন বিভাগ, পৰ্যটন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদিৰ অন্তৰ্গত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে৷

বৈঠকত মহকুমাধিপতি সব্যসাচী কাশ্যপে মহকুমাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সংস্লিষ্ট বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়াৰ লগতে জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে বিভাগীয় সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায়৷ তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ সঠিক ৰূপায়ণত অগ্ৰাধিকাৰ প্ৰদান কৰে। লগতে তেখেতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলক জনকল্যাণকামী আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ নিয়মীয়াকৈ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। এই সম্পৰ্কত বিধায়ক দেৱব্ৰত শইকীয়ায়ে কুটিৰ,উদ্যোগ আৰু বাণিজ্য বিভাগক হিতাধিকাৰী সকলৰ সফলতাৰ কাহিনীৰ বিষয়ে এখনি প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। লগতে তেখেতে নাজিৰা মহকুমা অন্তৰ্গত বিভিন্ন বিদ্যালয় সমূহৰ আন্ত:গাঁথনি সম্পৰ্কে বুজ লয়।

বৈঠকত মহকুমাধিপতিয়ে কৃষি আৰু ইয়াৰ সহযোগী বিভাগ সমূহ যেনে জলসিঞ্চন, মীন, পশু পালন বিভাগক সংহত কৃষি প্ৰকল্প আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। এই সম্পৰ্কত বিভাগ সমূহক অহা ১৫ দিনৰ ভিতৰত তেখেতে প্ৰাককলন যুগুত কৰি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি মহকুমা কৃষি বিভাগক ৭ দিনৰ ভিতৰত পি.পি.চি.-ৰ অতিৰিক্ত ভাবে ধান উৎপাদন কৰা কৃষকৰ তালিকাখন জমা দিবলৈ নিৰ্দেশ দিয়ে যাতে নতুনকৈ স্থাপন হবলগীয়া ধান ক্ৰয় কেন্দ্ৰৰ ব্যৱস্থা ত্বৰান্বিত কৰিব পাৰি। লগতে স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগক যুটীয়া ভাৱে প্ৰসূতি আৰু নবজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ বিশেষ স্বাস্থ্য শিবিৰ তথা সজাগতা মূলক কাৰ্য্যসূচী হাতত তুলি লবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি মহকুমাধিপতিয়ে পঞ্চদশ বিত্তীয় আয়োগৰ কাম সমূহৰ লগতে অন্যান্য আঁচনিৰ কাম সমূহ অতি শীঘ্ৰেই আৰম্ভ কৰিবলৈ খণ্ড উন্নয়ন বিষয়াক নিৰ্দেশ দিয়ে।

তদুপৰি, বৈঠকত মহকুমাধিপতিয়ে শিৱসাগৰ জিলা ক্ৰীড়া বিভাগক নাজিৰা মহকুমাৰ উদীয়মান তথা প্ৰতিভাৱান খেলুৱৈ সকলৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পৃষ্ঠপোষকতাত এটি প্ৰশিক্ষণ শিবিৰ স্থাপন কৰাৰ বাবে প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। 

লগতে তেখেতে নাজিৰা মহকুমাক অসমৰ পৰ্য্যটন মানচিত্ৰত জিলিকাবলৈ বিশেষভাৱে পৰিকল্পনা হাতত লোৱাৰ উপৰিও শিৱসাগৰ আৰু চৰাইদেউক সামৰি নাজিৰা মহকুমাক পৰ্য্যটকৰ আকৰ্ষণ স্থলী হিচাপে গঢ়ি তুলিবলৈ পৰিবেশ পৰ্যটন, দুঃসাহসিক পৰ্যটন, বিনোদন পৰ্যটন আদি সংযোজন আৰু সংবৰ্ধিত কৰাৰ বাবে পৰ্য্যটন আৰু পুৰাতত্ব বিভাগৰ প্ৰতিনিধি সকলক আহ্বান জনায়।

আজিৰ এই পৰ্যালোচনা সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুই নাম্পুই, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়াৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে