কৃষিভূমিত ইটাভাটা নিৰ্মাণকলৈ ঢকুৱাখনাৰ গন্ধিয়াত স্থানীয় ৰাইজৰ প্ৰতিবাদ।
চৰকাৰী সকলো নীতি নিৰ্দেশনা অমান্য কৰি গন্ধীয়া গাঁও পঞ্চায়তৰ জনবসতি এলেকাত স্থাপন কৰা হৈছে ইটাভাটা
বিগত ১৮ বছৰ ধৰি এজন বহিৰাগত বনিয়াই ইটাভেটা নিৰ্মান কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।যাৰ বাবে জাঙুৰ খাই উঠিছে তাই আহোম ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ।
ইটাভাটাতো বন্ধ কৰিবলৈ দাবী জনাইছে দল সংগঠনে।ইটাভাটা বন্ধ কৰিবৰ বাবে ঢকুৱাখনা মহকুমাৰ প্ৰশাসনৰ লগতে জিলা উপায়ুক্ত বাৰম্বাৰ দাবী জনায় আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই মৌনতা পালন কৰি আহিছে।ইটাভাটা ৰ কাম বন্ধ কৰা হব বুলি পূৰ্বে ইটাভাটা মালিকে স্থানীয় ৰাইজৰ আগত নামঘৰত সেৱা কৰি প্ৰতিশ্ৰুতি দিছিল যদিও বন্ধ নকৰিলে ইটাভাটা কাম।
 
  
  
   
   
  