শৰৎ মানেই মাজুলীৰ 'ৰাস' তাতে এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াসবনগাঁও শংকৰদেৱ শিশু নিকেতনৰ সাংস্কৃতিক মহোৎসৱৰ সামৰণি

ছাত্ৰ ছাত্ৰীৰ অভিনীত ৰাসে মোহিত কৰিলে সহস্ৰাধিকক

মাজুলীৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বনগাঁও শংকৰদেৱ শিশু নিকেটনে ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে নিকেতনৰ বাৰ্ষিক উৎসৱ সাংস্কৃতিক মহোৎসৱ 2022 সম্পন্ন কৰে । বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয় খেলপথাৰত প্ৰায় এক হাজাৰ দশৰ্ক বহি উপভোগ কৰিব পৰা বিশাল অস্থায়ী পেক্ষাগৃহ আৰু মঞ্চত প্ৰথম দিনা বিদ্যালয় খনৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰায় তিনিশ ছাত্ৰ ছাত্ৰীয়ে একেখন মঞ্চত ৩৫ টা ভিন্ন ধৰ্মী সাংস্কৃতিক কাৰ্যসূচী কৰে। ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত আঁত ধৰা ছাত্ৰ ছাত্ৰী সকলৰ মনোমুগ্ধকৰ ভাষণে সকলোকে আপ্লুত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ গীত, নৃত্যই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে । পৰিচালনা সমিতিৰ সভাপতি উপেন ভূঞা, সম্পাদক ভোগেশ্বৰ শইকীয়া, মাতৃ ভাৰতীৰ সভানেত্ৰী বৰ্ণালী কলিতা বৰা, সম্পাদিকা ৰুণু হজৰিকা, উদযাপন সমিতিৰ সভাপতি কমল তামুলী, সম্পাদক অতুল ভৰালী উপস্থিত থকা অনুষ্ঠানত বন্তি প্ৰজলন কৰে সভাপতি উপেন ভূঞাই । দ্বিতীয় দিনা ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা অভিনয় কৰে। ছাত্ৰ ছাত্ৰী সকলৰ অভিনয়ে প্ৰতি গৰাকী দৰ্শকৰ হৃদয় চুই যায়, । কংস অভিনয়ত নৱম শ্ৰেণীৰ ছাত্ৰ গৌৰৱ বংশী বৰা, কালকেতু নৱম শ্ৰেণীৰ ছাত্ৰ কপিল ভৰালী, দৈৱকীৰ চৰিত্ৰত অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিছা দাস, নাৰদৰ চৰিত্ৰত আকাশ জ্যোতি ভৰালী, নয়ন জ্যোতি শইকীয়া, মোহিনী ৰ চৰিত্ৰত ৰাখী দেৱী, ৰাধাৰ চৰিত্ৰত পঙ্খী হাজৰিকা, পুটনাৰ চৰিত্ৰত অনামিকা শইকীয়াকে ধৰি ৰাস লীলাৰ প্ৰতিটো চৰিত্ৰই দৰ্শকক আকৰ্ষণ কৰে । সন্ধ্যা ছয় বজাত আৰম্ভ কৰা ৰাসলীলাৰ অভিনয়ে নিশা ১১ বজা পৰ্যন্ত সকলো দৰ্শকক বান্ধি ৰাখি লৈ সক্ষম হয় । বিদ্যালয়ৰ প্ৰধান আচাৰ্য সূৰ্য কুমাৰ ভূঞাৰ প্ৰমুখ্যে আচাৰ্য আচাৰ্যা সকলৰ লগতে সত্ৰীয়া নৃত্য ৰ প্ৰশিক্ষক বীৰেন শইকীয়াৰ সু শৃঙ্খলিত প্ৰশিখনেৰে ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰাপ্ত কৰি অনুষ্ঠিত কৰা দুদিনীয়া কাৰ্যসূচীত প্ৰতিদিনে সমবেত প্ৰায় সহস্ৰাধিক দৰ্শকক আমোদ দিবলৈ সক্ষম হয় ।