মৃত্যুৰ পিছত ৰোগীক চেলাইন ৷মাজুলীত চিকিৎসাৰ অভাৱত পুণৰ এজন যুৱকৰ মৃত্যুৰ অভিযোগ।
ICU টেকনেচিয়ান জন সময় মতে নহাৰ বাবেই মৃত্যু আদিত্য পায়েংৰ।
কালি পূৱতি নিশা চিকিৎসাৰ অভাৱত মৃত্যু ঘটে মাজুলীৰ কাৰ্কিচূকৰ আদিত্য পায়েংৰ।
আদিত্য পায়েং নামৰ যুৱক জনৰ সামান্য বুকুৰ বিষ হোৱাত ততাতৰিয়াকৈ
108 এম্বুলেঞ্চৰ লগত যোগাযোগ কৰিছিল যদিও বিফল হৈছিল পৰিয়ালৰ লোক। বাৰে বাৰে যোগাযোগ কৰিছিল যদিও নাহিল ১০৮। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে নিজা গাড়ী ব্যৱস্থা কৰি ভৰ্তি কৰাইচিল মাজুলী গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত। চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত ২ তা বেজি দিয়ে আদিত্যক। তাৰ পিছতেই ক্ৰমাত বেছিকৈ অসুস্থ হৈ পৰে আদিত্য। ততাতৰিয়াকৈ ডাক্তৰে ICU সোমোৱাই দিছিল যদিও টেকনেচিয়ান নথকাৰ বাবে বিফল হ'ল চিকিৎসাৰ পৰা।