মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰিছে।
উল্লেখ্য যে ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে দৈনিক ভাট্টা বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল।
ৰাজ্য চৰকাৰে আজি গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহৰক্ষী বাহিনীৰ প্রায় ২৪ হাজাৰ গৰাকী জোৱান উপকৃত
হোৱাৰ লগতে এনে এগৰাকী জোৱানৰ মাহিলী পাৰিতোষিক ২৩ হাজাৰ ১০ টকালৈ বৃদ্ধি পাব |
গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধি কৰাৰ লগতে APDCL ৰ কৰ্মচাৰী সকলৰ বাবেও ৰাজ্য চৰকাৰে সুখবৰ আনিছে |
APDCL ৰ কৰ্মচাৰী সকলৰো বৃদ্ধি পালে মৰগীয়া বানচ | ৪ শতাংশকৈ বৃদ্ধি পালে মৰগীয়া বানচ |
জানিব পৰা মতে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব |