উদ্বেগ জনক হাৰত বৃদ্বি পাইছে গোলাঘাটত ড্ৰাগছৰ ভয়াবহতা। এইবাৰ নগৰত নহয় গ্ৰামাঞ্চলতো সুলভ মাৰাত্মক ড্ৰাগছ।

গোলাঘাটৰ কমাৰবন্ধাত ড্ৰাগছ সহ এজনক কৰায়ত্ব কৰি ৰাইজে গতালে আৰক্ষীক।গোলাঘাট নগৰৰ পৰা কমাৰবন্ধালৈ ড্ৰাগছ সৰবৰাহ কৰোতে উদয়ন শইকীয়া নামৰ এজনক ধৰা পেলাই স্হানীয় লোকে।

আটক হোৱা উদয়নে কেমেৰাৰ আগতে স্বীকাৰ কৰিলে কত কেনেকৈ ড্ৰাগছৰ বেহা চলি আছে। বৰ্তমান আৰক্ষীয়ে উদয়নক সোধ পোছ অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।