গান্ধী পৰিয়ালৰ ৰিমট' কন্ট্ৰ'লতে চলিব কংগ্ৰেছৰ নতুন সভাপতি। কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিক লৈ সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া।
পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অন্ত পেলাই সভাপতি নিৰ্বাচিত হৈছে যদিও গান্ধী পৰিয়ালৰ ৰিম'ট কন্ট্ৰ'লেৰে সভাপতি চলিব লাগিব বুলি কয়।
যুৱপ্ৰজন্মক আওকাণ কৰি যুৱ প্ৰজন্মৰ নেতা শশী থাৰুৰক বঞ্চিত কৰি খাৰ্গেক সভাপতি নিৰ্বাচন কৰা বুলি উল্লেখ কৰি তেওঁ কয়, 'কংগ্ৰেছ এতিয়া ডুৱন্ত নাও। নাও খনৰ তলিত এতিয়া বহুত ফুটা, যাক নেকি কংগ্ৰেছে গণি শেষ কৰিব নোৱাৰে'।
এইদৰে কেইবাটাও তীৰ্যক মন্তব্য কংগ্ৰেছ দলটোৰ প্ৰতি সাংসদ গৰাকীৰ।