সোণাৰিৰ টিঙালীবাম বাগিছাত বন্য হস্তীয়ে ভাঙিলে দুটা শ্ৰমিকৰ গৃহ

চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তত অৱস্থিত টিঙালীবাম চাহ বাগিচাত আজি পুৱতি নিশা প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাক এটাই বাগিচাখনৰ দুটাকৈ শ্ৰমিকৰ গৃহ ভাঙি থৈ যায়। হাতীৰ জাকটোৱে বাগিচাখনৰ সমীৰ প্ৰজা আৰু দেবাৰু প্ৰজা নামৰ শ্ৰমিক দুজনৰ ঘৰ দুটা ভাঙি তাৰ ভিতৰত থকা খাদ্য সামগ্ৰী সমূহ খাই থৈ যায় যদিও পৰিয়াল দুটাৰ কোনো লোকে হাতহঁত হোৱাৰ পৰা দৈৱ্যক্ৰমে ৰক্ষা পৰে।