অসম চাহ মজদুৰ সংঘ , সোণাৰি শাখাত সংঘৰ নিৰ্দেশ মৰ্মে কাৰ্য্যকৰী কমিটিৰ সিদ্ধান্ত অনুযায়ী সংঘৰ অন্তৰ্গত বাগিছা সমূহত কাম কৰা শ্রমিক সকলৰ মৌলিক দাবীৰ সমাধান বিচাৰি সকলো শ্রমিকে কামলৈ যোৱাৰ পূর্বে বাগিছা কাৰ্য্যালয়ৰ প্ৰাঙ্গনত সমৱেত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
১। চাহ বাগিছাত কাম কৰা শ্রমিক সকলৰ দৈনিক হাজিৰা ৩৫১.০০ টকালৈ বৃদ্ধি কৰিব লাগে ।
২। শ্ৰমিকৰ জৰাজীৰ্ণ ঘৰ সমূহ মেৰামতি কৰিব লাগে ও যিবিলাক ঘৰত চিলিং নাই চিলিং লগাব লাগে ।
৩। শ্রমিকৰ প্রত্যেক পৰিয়ালত একোটাকৈ শৌচালয় দিব লাগে আৰু প্ৰতি ঘৰ পৰিয়ালত বিশুদ্ধ খোৱা পানীৰ সু - ব্যৱস্থা কৰিব লাগে আৰু বাগিছাত ক্ৰেছ হাউছ নিৰ্মাণ কৰিব লাগে ।
৪। বাগিছাৰ চিকিৎসালয়ত ডাক্তৰৰ ব্যৱস্থা কৰিব লাগে ।
৫। বাগিছাৰ চিকিৎসালয়ত ৰোগীৰ বাবে পৰ্য্যাপ্ত বিচনা , প্রয়োজনীয় দৰৱ পাতি আৰু ৰোগীৰ বাবে উন্নত মানৰ সু - খাদ্য ব্যৱস্থা কৰিব লাগে ।
৬। বাগিছাৰ লাইনৰ নলা - নর্দমাবোৰ ভালধৰণে চাফচিকুন কৰি বিজাণুনাশক দৰৱ ছটিওৱাব লাগে ।
৭। বাগিছাত কাম কৰি থকা শিক্ষিত উপ - কৰ্মচাৰী সকলক শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰী পদলৈ পদোন্নতি কৰিব লাগে আৰু খালী হৈ থকা উপ-কৰ্মচাৰী পদসমূহ পুৰণ কৰিব লাগে ।
৮। বাগিছাৰ শিক্ষিত নিৱনুৱা যুৱক / যুৱতী সকলক অগ্রাধিকাৰ ভিত্তীত শিক্ষা নরিশ হিচাবে নিয়োগ কৰিব লাগে ।
৯। বাগিছাৰ উপ - কৰ্মচাৰী সকলক চুক্তি অনুযায়ী গেছ চিলিঙাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
১০। উপ - কৰ্মচাৰী সকলৰ দৰ্মহা সংশোধন কৰিব লাগে আৰু ভ্ৰমণ বানাচ বৃদ্ধি কৰিব লাগে ।
১১। বাগিছাৰ মজদুৰ ক্লাৱত মেৰামতি কৰি প্ৰয়োজনীয় চকী , বেঞ্চ আদি ব্যৱস্থা কৰাৰ লগতে খেলৰ সামগ্রী সমূহ যোগান ধৰিব লাগে ।
১২। বাগিছাৰ শ্ৰমিক সকলক ৰেচন উন্নত মানৰ চাউল আৰু আটা সমানে সমানে যোগান দিব লাগে ।
১৩। বাগিছাত স্থানীয় শিক্ষিত যুবক / যুৱতীসকলৰ মাজৰ পৰা কল্যাণ বিষয়া নিযুক্তি দিব লাগে ।
১৪। বাগিছাত কাম কৰা শ্রমিক সকলৰ শ্ৰমিক আইনমতে সা - সুবিধা প্রদান কৰিব লাগে ।
১৫। বাগিছাৰ অস্থায়ী শ্রমিক সকলৰ পি.এফ কৰ্ত্তন কৰিব লাগে ও স্থায়ী কৰণ কৰিব লাগে ।