কৰিমগঞ্জ আৰক্ষীৰ বৃহত সফলতা। মঙলবাৰে কৰিমগঞ্জত প্ৰায় ২০ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলে।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

প্ৰাপ্ত খবৰ অনুসৰি, কৰিমগঞ্জ আৰক্ষীয়ে নগাৰাত তালাচী অভিযান চলাই থকাৰ সময়তে জব্দ কৰিবলৈ সক্ষম হৈছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

বিষয়াসকলে জনোৱা মতে, নিৰ্ভৰযোগ্যৰ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা এখন বাহন আটক কৰি তালাচী চলোৱা হৈছিল আৰু য’ৰ পৰা এই হেৰ’ইনখিনি উদ্ধাৰ কৰা হয়।

মহিন্দ্ৰা থাৰ বাহনেৰে হেৰ’ইন সৰবৰাহ কৰা হৈছিল বুলি জানিবলৈ দিয়ে। ১৯৪ টা চাবোনৰ বাকচত লুকুৱাই ৰখা হৈছিল এই মাদক দ্ৰব্য। 

আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২০ কোটি টকা বুলি সন্দেহ কৰা হৈছে বুলিও আৰক্ষীৰ দলটোৱে লগতে কয়।

ইফালে, আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দুজন লোককো গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা দুজনক যাবৰুল হক আৰু ৰিজাল উদ্দিন তালুকদাৰ বুলি জানিব পৰা গৈছে।