বিশ্বৰ সৰ্বশক্তিমান তথা ধনাঢ্য ক্ৰিকেট ব’ৰ্ড ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ যুটীয়া সম্পাদক পদত অধিষ্ঠিত হ’ল অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া।

১৮ অক্টোবৰ অৰ্থাত আজি মুম্বাইস্থিত বি বি চি আইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত নতুন সমিতিৰ নিৰ্বাচনত যুটীয়া সম্পাদক ৰূপে মনোনীত হয় শইকীয়া।

দেৱজিত শইকীয়াৰ উপৰি বি চি চি আই সভাপতি ৰূপে প্ৰাক্তন বিশ্বকতাপ জয়ী ক্ৰিকেটাৰ ৰ’জাৰ বিন্নী, সম্পাদক পদত পুনৰ এবাৰ জয় শ্বাহ নিৰ্বাচিত হয়।

ইফালে উপ-সভাপতি পদত ৰাজীৱ শুক্লা, কোষাধ্যক্ষ পদত আশীষ চেলাৰো বিনাপ্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হয়।

উল্লেখ্য যে, বি চি চি আইৰ নতুন সমিতিৰ বাবে নিৰ্বাচিত হোৱা বিষয়ববীয়া কেইজনৰ উপৰি আন কোনেও মনোনয়ন দাখিল কৰা নাছিল।