আজি সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হ'ব কাতি বিহু।অসমৰ জাতীয় উৎসৱ বিহুৰ ৰঙালী,ভোগালীৰ লগতে কাতি বিহু অন্যতম।আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা ধৰ্মীয় পৰম্পৰাৰে এই বিহু উদ্ যাপন কৰা হয়। চহা কৃষকৰ সপোনৰ পথাৰত বন্তি প্ৰজ্বলনৰে অনিষ্ট কাৰী কীট পতংগৰ পৰা ৰক্ষা কৰিবলৈ এক উৎকৃষ্ট মাধ্যম ৰূপে বিবেচিত হৈ আহিছে। আজিৰ পৰা এমাহ জুৰি তুলসীৰ তলত বন্তি প্ৰজ্বলন তথা আকাশ বন্তি জ্বলোৱা, নামঘৰ আৰু মন্দিৰত ধৰ্মগ্ৰন্থ পাঠ অসমীয়া সংস্কৃতিৰ এক ৰূপৰেখা হিচাপে প্ৰবাহিত হৈ আহিছে। পূৰ্বে এই সময়ছোৱাত ভৰাঁলত সঞ্চিত ধানৰ পৰিমাণ শেষ হৈ অভাৱ অনাটনে দেখা দিছিল বাবে এই বিহু কঙালী বিহু হিচাপে উদ্ যাপিত হৈছিল।

ফটো- ফাইলত সংৰক্ষিত