মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড কে ছাংমা লৈ চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা। ঘোষণা টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ।আনুষ্ঠানিকভাৱে মৰাণত ২ ডিচেম্বৰত প্ৰদান কৰিব টাইপাই।
 বৃহত্তৰ অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চ্যুকাফাৰ পবিত্ৰ স্মৃতিত মেঘালয়ৰ মূখ্যমন্ত্ৰী কণৰাদ্ কে চাংমালৈ আগবঢ়োৱা হব চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা ।সংবাদমেলৰ জৰিয়তে এই কথা আজি জানিব দিয়ে অসমৰ অন্যতম সংগঠন টাই আহোম যুৱ পৰিষদ অসম টাইপা ই। উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদ; অসম চমুকৈ টাইপা ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত তথা মৰাণবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব লৈছে অষ্টম বাৰ্ষিক কেন্দ্ৰীয় ছ্যূ-কা-ফা দিৱস। আজি তাৰে পৰিপেক্ষিতত মৰাণ নগৰৰ মাজমজিয়াত এটি অস্থায়ী কাৰ্যালয় মুকলি কৰি এখন সংবাদমেল সম্বোধন কৰে টাইপাই আৰু জানিব দিয়ে যে কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অৰ্থাত ২ ডিচেম্বৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমা ক প্ৰদান কৰিব চাওলুং ছু-কা-ফা বৰ অসম সমন্বয় বটাঁ।