ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন 

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু দক্ষিণ ঢকুৱাখনা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সহযোগত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ২৯ সংখ্যক বাৰ্ষিক অধিবেশনখনি দেওবাৰে দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গছপুলি ৰোপন কৰে অবসৰপ্ৰাপ্ত শিক্ষক দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পদ্মেশ্বৰ বৰা, পতাকা উত্তোলন কৰে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জীৱন গগৈ, শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰধান শিক্ষক চেমন্ত মিলিয়ে৷দুপৰীয়া ভাগত পৰিষদৰ সভাপতি জীৱন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত আদৰণি ভাষণ আগবঢ়াই আদৰণি সমিতিৰ সভাপতি কৰুণা গোঁহাইয়ে। বিশিষ্ট অৱসৰী শিক্ষাবিদ তথা প্ৰাক্তন সাধাৰণ সম্পাদক চেনিৰাম বৰুৱাই উদ্বোধন কৰা সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিষদৰ সম্পাদক অতুল চুতীয়াই ।জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ৭ খন আঞ্চলিক পৰিষদৰ প্ৰায় ১৫০ গৰাকী কৰ্মচাৰী বিষয়ববীয়া ,সদস্য আৰু সন্থা ,সংঘৰ প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰে ।ইয়াৰ পাছতেই পুৰণা জিলা সমিতিহৈ সভাপতিৰ পদত্যাগ কৰাৰ পাছত অনাগত কাৰ্যকালৰ বাবে এখন নতুন জিলা সমিতি গঠনৰ বাবে বিষয় বাছনি সভা অনুষ্ঠিত হয়।সভাত কেন্দ্ৰীয় পৰ্য্যবেক্ষৰ হিচাবে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰদীপ বৰা আৰু ৰাজ্যিক কাৰ্যকৰী সদস্য জীৱ কান্ত বৰা লগতে বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে৷