দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শণি আৰু দেওবাৰে চিলাপথাৰৰ দঃঞিঃ পঃলঃ কালচাৰেল কমপ্লেক্সেত চিলাপথাৰ টাউন সমিতিৰ উদ্যোগত আৰু TMPK -ৰ কলেজ গোটৰ সহযোগত টাকাম মিচিং পৰিণ কৌবাং (TMPK)ৰ ৫১ তম প্ৰতিষ্ঠা দিৱস আৰু ৩৯ তম চিলাপথাৰ কাংকিন কৌবাং অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি শণিবাৰে পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত পতাকা উত্তোলনৰ পাছতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয় । কাংকিন কৌবাং মানে হৈছে চিনাকি পৰ্ব। ছাত্র ছাত্রী সকলক শাৰিৰীক মানসিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই কাংকিন কৌবাং পালন কৰাৰ কথা উল্লেখ কৰে TMPK ৰ চিলাপথাৰ জিলা সমিতিৰ সম্পাদক মানস কুুুলিয়ে ।