গহপুৰৰ এগৰাকী সুদক্ষ খেলুৱৈ তথা সন্তোষ ট্ৰফী খেলুৱৈ ধমেন্দ্ৰ দাসে খেলি থকাৰ অৱস্থাতে যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল। উন্নত চিকিৎসাৰ বাবে খেলুৱৈ গৰাকীক আজি মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা সাহায্য প্ৰদান কৰে। মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত খেলুৱৈ গৰাকীক আনুষ্ঠানিকভাৱে চেক (Cheque) প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত গহপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াৰ লগতে, গহপুৰৰ মহকুমাধিপতি দিপন বৰ্মন ডাঙৰীয়া, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী ডাঙৰীয়াৰ লগতে, অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

ক্ৰীড়া জগতৰ বাবে মুখ্যমন্ত্ৰীৰ এনে প্ৰদক্ষেপ সঁচাকৈয়ে প্ৰসংশনীয়।