দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভনী অনুষ্ঠান সম্পন্ন 

পশ্চিম দৰ‌ঙৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভনী অনুষ্ঠানটি সোমবাৰে সম্পন্ন হয়। ১৯৪৮ চনতে স্থাপিত বিদ্যালয়খনৰ গৌৰৱোজ্জল পয়সত্তৰ বৰ্ষপূৰ্ত্তি উপলক্ষে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ শুভাৰম্ভনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন,বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ পিচতে এলানি আলোচনা চক্ৰ অনুষ্ঠিত হয়। "স্বাধীনোত্তৰ কালত স্থাপিত শিক্ষানুষ্ঠান সমূ্হৰ সামাজিক ভূমিকা" শীৰ্ষক আলোচনাচক্ৰ খন সঞ্চালনা কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে। দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ কনক চন্দ্ৰ কাকতিয়ে উদ্বোধন কৰা সভাত আলোচক হিচাপে উপস্থিত থাকে ছিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড' প্ৰসন্ন কুমাৰ নাথ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ হিৰণ্য চহৰীয়া আৰু দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক ডাঃ কমলাকান্ত শৰ্মা।