উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত মৰনৈ বেবেজীয়াত স্বচ্ছ ভাৰত অভিযান সম্পন্ন।

আজি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত সোৱণশিৰি কৈৱৰ্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ বেবেজীয়াত এক স্বচ্ছ ভাৰতৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান ২.০ৰ অংশস্বৰূপে আজি চাফাই কাৰ্যসূচীৰ জৰিয়তে প্লাষ্টিক-পলিথিন বৰ্জনৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয়। উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰূপায়ন কৰা আজিৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক ৰাজীৱ দাস,সোৱণশিৰি কৈৱৰ্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঈশ্বৰপ্ৰসন্ন বৰুৱাৰ লগতে বিদ্যালয় খনৰ শিক্ষক গোট,ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।লগতে আজিৰ কাৰ্যসূচীৰ বাবে সচেতন লোক সকলে শলাগ লোৱাৰ লগতে ভৱিষ্যত দিনবোৰতো এনেধৰণৰ কাৰ্যসূচীত সহযোগ কৰি ৰূপায়ন কৰিবলৈ আহ্বান জনায় উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক ৰাজীৱ দাসে।