কোনো দল সংগঠন নহয় নুমলীগড়ত এইবাৰ বন্যহস্তীয়ে আৱদ্ধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ।

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া । দৈগ্ৰোং চাহ বাগিচাৰ কাষৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় বিচৰন বনৰীয়া হাতীৰ জাকৰ । একপ্ৰকাৰৰ ঘাইপথ অৱৰোধ । বহু সময় আৱদ্ধ হৈ পৰে পথটি । যাৰ ফলত পথটিৰে অহা পথচাৰীও আৱদ্ধ হৈ পৰে । 

ইফালে যোৱা কেইবাটাও দিন ধৰি বৃহৎ হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ সমীপৰ দৈগ্ৰোং চা বাগিচা, মৰঙি চাহ বাগিচা আৰু লেটেকুজান চাহ বাগিচাত খাদ্যৰ সন্ধানত বিচৰন কৰাত বাগিচাত চাহ পাত চিঙা শ্ৰমিক অসুবিধাৰ সন্মুখীন হৈছে । ক্ষতি কৰিছে বাগিচাৰ চাহ গছ । লগতে বহুকেইটা পৰিয়ালৰ বাৰী ঘৰো নষ্ট কৰিছে হাতীৰ জাকে।